তুমাৰ চায়া মই তুমাৰ সতে




 মনত আছে নে তোমাৰ মোৰ প্ৰথম চিনাকি ?
চিনাকিৰ সেই পুৱাৰ বেলা ।
মনত আছে নে ককালত হাত দি 
ওপৰলৈ চাই হাহি থকা দিনৰ কথা ?
মনত হয়তো নপৰিবই আমনি কৰাৰ কাহিনী !
পাহৰিবাই চাগে একেলগে বহি কৰা ধেমেলীয়া হাহি ,
এৰি অহা দিনৰ খোজৰ ছবি।
 আনে দলিয়াই দিয়া তুমাৰ নামৰ শিলৰ টুকুৰা
 যেতিয়া বুকুত খুন্দা মাৰে ,
তুমাৰ বহু কথা মনলৈ ভাহি আহি হিদয়খনক কষ্ট দিয়ে।
মই জানো, তুমি নাজানা হয়তো গমেই নোপোৱা !
তুমাৰ আগে পাছে কিহৰ চায়া ?
কোন অৰ্জুন কোন তুমাৰ শকুণিমামা ?
যদি সময় হয় পিছলৈ চাবা এবাৰ ঘুৰি ।
তুমাৰ যি দিশে গতি যোৱা নহও নিদিওঁ বাধা 
নকও একো কথা ।
প্ৰতি ক্ষণে ক্ষণে ৰ'দ বতাহ বৰষুণে 
তুমাৰ সুখ আনন্দৰ দিনত থকাৰ  সৌভাগ্য নহ'বও পাৰে !
তুমাৰ সমভাগি হোৱাৰ অধিকাৰ মোৰ নাথাকিবই চাগে !
কিন্তু দুখ মহা দুখ বিপদ জীৱনৰ খাল বাম বাটত 
তুমি ওজুটি খালে তুমাৰ হাতখন হঠাৎ ত ধৰিবলৈ
মই সদায় তুমাৰ ছায় তুমাৰ সতে।
তুমি যিদৰেই থাকা 
আনৰ বাবে তুমি যিয়েই নোহোৱা
মোৰ বাবে তুমি প্ৰিয়তমা।
কি হল অ কি ভাবিচা  ?
মোৰ কথাই জানো মনলৈ অহা নাই ?
 গম পাইছো
হে বাৰু হ'ব দিয়া ভুল নুবুজিবা 
কোৱা নাই মই তুমাৰ কথা ।
আধৰুৱা দুৰ্ভাগ্য কোনোবা পুৰুষৰ প্ৰেমৰ 
কাল্পনিক মনৰ কাল্পনিক মোৰ এই সুৰ নথকা কবিতা।



অন্তৰৰ খবৰ

  অন্তৰৰ খবৰ  ~~~~~~~~~~~~~~~                                                                            শ্ৰীনয়ন জ্যোতি গোৱালা  হিদয়ৰ আধা ...