✍️✍️শ্ৰীনয়ন জ্যোতি গোৱালা
যত প্ৰেমৰ সাগৰ বৈ যায়
বিভিন্ন জাতি জনজাতিক একত্ৰিত
এনাজৰীৰে বান্ধি
বাৰেৱৰণীয়া ফুলৰ দৰে ফুলি
সৌন্দৰ্য্যৰ সুৱাস বিলাই ।
সেই জাতি যি জাতিৰ বিবৰণ প্ৰসংশা
দেশ বিদেশৰ কলা কবিতা সংগীতত
আজিও শুনিবলৈ পোৱা যায় ।
কেশৱ মহন্ত, নৱকান্ত বৰুৱা, নলিনীবালা দেৱী
হোমেন বৰগোহাঞি আৰু হীৰেন গোহাঁইদেৱ
আদিৰ লেখনিৰ শব্দ আখৰ
অনুভৱ চিন্তা সকলোতে জিলিকি থাকে।
যি জাতিৰ নামেই শক্তি
সেই জাতি দেখিছোঁ।
যি জাতিৰ শব্দই শক্তি
যি জাতিৰ জাতিয়ে শক্তি
সেই জাতি দেখিছোঁ।
যিয়ে বিপদ সংকট শত্রু আগত
নিজ আত্মা হাতত ধৰি মৃত্যুৰ কাষত থিয় হৈ
গৌৰৱেৰে মই অসমীয়া বুলি পৰিচয় দি
জয় আই অসম উচ্চাৰি
যুজ দি দি মৃত্যুক সাৱটি লোৱা
সেই জাতি দেখিছোঁ।
সেই জাতি দেখিছোঁ যি জাতি
অসম আই মাতৃৰ বাহিৰে
বিশ্বৰ আন কতো বিচাৰি পোৱা নাযায়
সেই জাতি যি জাতি বিশ্ববাসীৰ
সৰ্বশক্তিমান প্ৰেমৰ সাগৰ
মনিমুকুতা বিশ্বাস ভৰসাৰ অন্য এক নাম ।
হেজাৰ জাতি জনজাতিৰ লোক থাকিও
যত সকলোৰে ভাষা খাদ্য শব্দ শক্তি অসমীয়া
সেই জাতি দেখিছোঁ।
যি জাতি দেখিছোঁ
মই সেই জাতিৰ সন্তান বুলি জনাই নাছিলোঁ।
মই আজি গৌৰৱ কৰো
মোৰ পবিত্ৰ ভাষা পবিত্ৰ জাতি
মই ময়ে অসমীয়া