Showing posts with label জীৱন. Show all posts
Showing posts with label জীৱন. Show all posts

কাৰ ভূল কোন সততা


 কাৰ ভূল কোন সততা

              ✍️✍️নয়ন জ্যোতি গোৱালা

     সময়ে কব সময়ৰ কথা 

সময়েও নাজানে সময় যে সততা 

বাস্তৱ সময়ৰ বাস্তৱ ছবি

পৰিস্থিতি যেনেই নহওক সময়ে কব মোৰ কথা 

এবাৰ সুস্থৰে স্পষ্ট কৈ ভাবা ।

মই এগাল মৰম দিবলৈ গৈ হয়তো তোমাৰ চকুলো সৰিছে 

হিদয়ত সযতনে ৰখাৰ চেষ্টাত কৰবাত 

মোৰ হিদয়ৰ কামি হাড়ে তোমাক খুচিচে 

সেয়া প্ৰেম নে শত্ৰুতা মই নাজানো ?

কেতিয়াবা জানো তোমাক বেয়া কৰিছো ?

হয়তো মোৰ জীৱনত দাৰি কমা লগাৰ পিছতো সম্ভৱ নহব ।

জানো,তোমাৰ সময়ৰ নষ্ট হল

এটি বছৰ শেষ হল তুমি ভবাৰ দৰে নহ'ল

হাজাৰ বাৰ চিঞৰিছো মোৰ ভূল কিন্তু কত?

তোমাৰ কামৰ দায়িত্বত নে নিৰ্বাচন 

সময়ৰ নে ভাগ্যৰ

কিছু লোকে পূৰ্বতে লগাই দিয়া কলা টকাৰ বদলাম নে সন্দেহ শব্দৰ কত ভূল?

কৰিছো অনুৰোধ শত শত বাৰ ভাবা এবাৰ,

কৰিছা যদি কৰা খং কৰা অভিমান কিন্তু কিয়--_এতিয়া চাগে নাই মোলৈ মান ?

চকুলো বিয়পিছে হয়তো সময় পৰিস্থিতিয়ে কৰিছে অভিমান 

ময়ে মানৱ/ময়ে প্ৰেম/ময়ে দানৱ /ময়ে তোমাৰ অপ্ৰিয় জন

তোমাক শত শত বাৰ নমন

যুক্ততা সততা স্পষ্টতাৰে কৰা কাৰ বাবে এই অৱস্থা

কাৰবাবে কিয় কাৰ ভূল কোন সততা ।

মাথোঁ এবাৰ এবাৰ আৰু এবাৰ |

              তোমাৰ জন |



জীৱন যাত্ৰা নাটৰ শেষ চিত্ৰ


                              ✍️✍️✍️  শ্ৰীনয়ন জ্যোতি গোৱালা

লাহে লাহে গা ৰ চাল ওখুৰা মুখুৰা হৈ পৰিব
চকুৰ পতা নামি আহিব
গুটেই শৰীৰ কপি থাকিব  থৰ থৰ
লাখুটি ডালো যাও নাযাও কৈ আগবাঢ়িব
গা ৰ কপনিত মূৰৰ বগা চুলিও সৰি পৰিব 
হাৰ নমনা জীৱনেও ধক ধক শব্দৰে যুজি থাকিব 
আৰু জীৱন যাত্ৰা ত গৈ থাকিব ।
এদিন হঠাৎত 
মই শুই থাকিম মোৰ ওচৰত বহি কোনোবাই 
চিঞৰি চিঞৰি দুচকু টুকি মাতিব কিন্তু মই নাথাকিম
মোৰ ঘৰখনত মানুহৰ সোত বব 
গাওঁয়ে ভূয়ে মই গুচি যোৱাৰ খবৰ বিয়পি যাব
ইজনে সিজনৰ আগত
ককাজন অমুক ককাজন তমুক বুলি কৈ 
শোকত ভাহি পৰিব
সকলো শেষ হৈ যাৱ
কোনোবাই বুজনি দিব 
বিধাতাৰ লিখন কোনে মচিব পাৰে
যি হ'ল হ'ল বুলি কৈ
নিজক আনক শান্তনা দিব ।
13 দিনৰ পিছত সকলো শূণ্য হৈ যাব
শেষ শেষ হৈ ৰৱ
এয়াই যেন চক্ৰ 
এয়াই যেন জীৱন যাত্ৰা নাটৰ শেষ চিত্ৰ।

জীৱনৰ সত‍্য‍তা

এজাক মানুহৰ সতে বন্ধুত্ব গঢ়িছো
চিনাকি অচিনাকি অগণন লোকৰ মাজত
এপাহি পোহৰ বিচাৰি ফুৰিছো
কোনোবাই আনৰ বাবে কোনোবাই নিজৰ বাবে
হাহিছে আৰু কান্দিছে
বিশ্বাসৰ মাজতো বিশ্বাসঘাটকৰ কণিকা ভাহি উঠিছে
পেলনীয়া গেলা জাৱৰৰ মাজতো
হীৰাৰ মুকুতা জিলিকি উঠিছে
ৰদৰ পোহৰৰ মাজতো আন্ধাৰে আৱৰি ধৰিছে
তাৰ মাজতো চাকিৰে পোহৰাবলৈ চেষ্টা চলিছে
প্ৰতি বস্তুৰ মাজৰ সত‍্যতাক বিচাৰি ফুৰা
আনৰ বাবে তুমি পোহৰ হোৱা
আজিৰ দিনত অলপ সুখ শান্তিৰ বাবেই
হত্যা, চুৰ,পাপ মহা পাপ কৰিবলৈ সাজোঁ
কিন্তু তুমাক নালাগে এইবোৰ কৰিবলৈ
মাথোঁ এবাৰ
নিজৰ মনটোক ধুই লোৱা
কাষৰ মানুহ জনক অলপ সুখ বিলাই চোৱা
নৰক ও স্বগ হৈ পৰিব
এই বিশ্বজগতৰ মাজতো মই বিচাৰিছো
এপাহ বিশ্বাস ফুল সাহসৰ পাহি
মোৰ খোজৰ লগত খোজ দিয়া
মোৰ নামৰ মোৰ দেহৰ
আন এক প্ৰতিছবি ।
               নয়ন জ্যোতি গোৱালা✍️✍️✍️


অন্তৰৰ খবৰ

  অন্তৰৰ খবৰ  ~~~~~~~~~~~~~~~                                                                            শ্ৰীনয়ন জ্যোতি গোৱালা  হিদয়ৰ আধা ...