Showing posts with label মোৰ আপোন. Show all posts
Showing posts with label মোৰ আপোন. Show all posts

মাতিছা যদি যাবই লাগিব


                মাতিছা যদি যাবই লাগিব                                                 ~~~~~~~ শ্ৰীনয়ন জ্যোতি গোৱালা
                                        _____________________
মাতিছা যদি যাবই লাগিব - ঘৰ যদিও বা দেখা নাই বিচাৰি বিচাৰি উলিয়াব লাগিব 

তোমাৰ ঘৰৰ বাটত যদি বা ঘাট আছে 
গাভৰুকেইজনীক কৈ থবা মোৰ প্ৰেমত নপৰিবলৈ 
নহ'লে ৰাইজৰ আগত জৰিমনা মাননি ধৰিবলৈ - মাছ মঙহেৰে খোৱাবলৈ কবিৰ জেপত কত থাকিব ৰঙা নোটৰ গুন্ধ

বাছৰ পৰা নামিয়ে তোমাৰ ঘৰলৈ অলপ খোজকাঢ়ি যাব লাগে
আগবাঢ়ি আহিবা চোন তুমি
-দোয়ো খোজত খোজ থৈ গুন গুনাই যাম 
তোমাৰ মোৰ প্ৰেমৰ কাহিনী।

তোমালোকৰ খেল পথাৰখনলৈ লৈ যাবা নে?
যত তোমাৰ শৈষৱ আজিও জিলিকি আছে
শুনিম মই মোৰ প্ৰেমীকাৰ তিতা কেহা মিঠাৰ কাহিনী
আৰু মই সুধিম বিৰতিৰ সময়ত কাৰ কথা ভাবিছিলা
নিজান দেশত তুমি 

মাতিছা যদি যাবই লাগিব-ঘৰ যদিও বা দেখা নাই ঘৰ
বিচাৰি উলিয়াব লাগিব
নহ'লে তোমাৰ খং অভিমানবোৰ কেনেকৈ গুচাম

মাক কৈ থবা জোৱাই আহিব বুলি
শহুৰ আগত ভয়ে ভয়ে কথা কম হয়তো বা নকম 
শাহুৰৰ লগত কথাই পাতি থাকিম চাগে
দাদায়ে বেয়া পাবও পাৰে চলিব
এদিন দাদাওতো প্ৰেমত পৰিব 

মাতিছা যদি যাবই লাগিব ।                             
এ হে ৰবা ৰবা কাৰেন্ত গ'ল
মমটো জ্বলাই লও  ।
 তুমি ৰবা নে তেতিয়ালৈ ।


মোৰ আপোন


আছে মোৰ দেউতা
আছে মোৰ মা
আছে মোৰ দাদা
আছে মোৰ বা
তেৱেঁই হৈছে মোৰ জীৱনৰ
সাহস শক্তিৰ ভৰাল
তেৱেঁই হৈছে মোৰ আপোনৰো আপোন
মোৰ জীৱনৰ প্ৰথম চিনাকি
লগৰী হৈছে মা
চেনেহৰ হেপাঁহৰ মা
মা মোৰ মৰমৰ
মা মোৰ চেনেহৰ
আপোনৰ অমিয়া মৰম
পাহৰিম নে বাৰু?
পাহৰিব পাৰি জানোঁ?
        শ্ৰীৰিমন গোৱালা✍️✍️✍️
            (বয়স ১২)

অন্তৰৰ খবৰ

  অন্তৰৰ খবৰ  ~~~~~~~~~~~~~~~                                                                            শ্ৰীনয়ন জ্যোতি গোৱালা  হিদয়ৰ আধা ...