খালে ঐ খালে
কৰোনা ভাইৰাছে
সকলোকে খালে ।
সাৱধান হ সজাগ হ ,
নহলে আপোনজনক এৰি
চিৰদিনৰ বাবে এৰিবলৈ
সাজোঁ হ ।
পদূলিতে ৰৈ আছে মহামাৰী ৰথ
ওলাই নাহিবি ঐ ওলাই নাহিবি
ঘৰৰ চোকতে সোমাই থাক হত ।
বিদেশত মৰিছে মৰিছে দেশতো মৰিছে
শ শ আপোন আপোন ভাই বন্ধু ,
এতিয়া আহি সোমাল
অসম আই মাতৃ বুকুতো ।
যুদ্ধ বুলিছে
কৰোনাই অসমত জপিয়াই পৰিছে ।
বাৰে বাৰে হাত ধু ,
মুখত নাখত কাপোৰ মাৰি থ ।
চাফ চিকুণ হৈ থাক
আপোনজনৰ পৰা ১,২ মিটাৰ
দূৰত্ব বজাই ৰাখ ।
চৰকাৰে দিয়া নিয়ম বোৰ মানি চলো আহ
এনেকৈ কৰোনা ভাইৰাছৰ বিৰুদ্ধে
যুজ দিওঁ আহ ।
কৰোনাক পৰাজয় কৰো আহ
আমি অসমী আইৰ সন্তান বুলি
চিনাকি দিওঁ আহ ।
শ্ৰীনয়ন জ্যোতি গোৱালা✍️✍️✍️