Showing posts with label দুখ লগা কবিতা. Show all posts
Showing posts with label দুখ লগা কবিতা. Show all posts

অন্তৰৰ খবৰ

 অন্তৰৰ খবৰ 

~~~~~~~~~~~~~~~                                                                            শ্ৰীনয়ন জ্যোতি গোৱালা 


হিদয়ৰ আধা ভগা দৰ্জাখন বন্ধ কৰি 
অতীতক সোঁৱৰি উলিয়াই লৈছোঁ আজি
স্মৃতিৰ এখিলা পাত 
সময়ৰ ঘোঁৰাত বহি সিদ্ধান্ত সাথৰত ডুবিবলৈ
প্ৰয়োজন মৌন ভাষাৰ।
এতিয়া মাথোঁ আশা ভৰষাবোৰ ওলমে
বাকীবোৰ অন্ধ কোঠাত নিৰৱে পৰি ৰয় ।
জ্বলা জুইত জাহ গ'ল 
এখনি উজ্বলিত তৰা ৰল মাথোঁ
কলা ছাহ আৰু কলা ধুৱা।
কথাৰ বুকুত কথা নিশব্দৰ শব্দ
মৌনতাৰ অৰ্থ এতিয়া কোনো বুজে। 
সময় আহিব
চিন্হবোৰ মৰম ভাষাত লিখা কাহিনীবোৰ
এদিন‌ মচি যাব।
অন্তৰৰ দলংখনো ভাগি যাব
ঘাটৰ পানীও শুকাই যাব । নিৰ্মাণ হ'ব নতুন দলং ।
কিন্তু তেতিয়া সমাধান পাবা 
সমস্যা নাথাকিব নাথাকিব গৰাকী।
হিদয়ৰ আধাভগা দৰ্জাখনৰ‌ ভগ্নাংশয়ে ওলোৱা
কেঁচা তেজৰ গুন্ধত সুগন্ধি বুটলিছে
এদিন শুকান তেজৰ কেঁচা মঙহৰ কলা ধূৱাই
আমনি কৰিব সোঁৱৰাব মোৰ কাহিনী
সন্তেকতে শেষ হ'ব তেতিয়া।  
এটি মৰম তেজেৰে লিখা 
অসীম অতুলনীয় মূল্যৱান কাহিনী।

অন্তৰৰ খবৰ

  অন্তৰৰ খবৰ  ~~~~~~~~~~~~~~~                                                                            শ্ৰীনয়ন জ্যোতি গোৱালা  হিদয়ৰ আধা ...