Showing posts with label মই একো দিব নোৱাৰোঁ. Show all posts
Showing posts with label মই একো দিব নোৱাৰোঁ. Show all posts

মই একো দিব নোৱাৰোঁ


                        ✍️✍️✍️ শ্ৰীনয়ন জ্যোতি গোৱালা 

মোৰ পৰা একো আশা নকৰিবা
মই একো দিব নোৱাৰো 
মোৰ আছে মাথোঁ শূন্যতা ।
মোক একো নিদিবা 
মই নিজেই নিজক একো দিব নোৱাৰো ।
বিপদৰ সময়ত তোমাৰ কাষত থিয় দিব পাৰিম
নিজে নাখাই খোৱাব পাৰিম
বৰষুণত ছাতি হৈ, ৰ'দত গছ হৈ ছাঁ দিব পাৰিম 
কিন্তু তোমাৰ হব নোৱাৰিম 
মই সমাজ, আই অসমীৰ হৈ চিৰ দিন থাকিম। 
তুমি মৰম নকৰিলেও মই কৰিম
মোক ভাল নাপালেও মই পাই থাকিম 
তুমাৰ সকলো কথাই মানিম
কিন্তু সেই বুলিয়েই
 মই মোৰ পিতৃ মাতৃৰ পৰা আতৰি যাম নোৱাৰিম।
মোক জয় কৰিব নালাগে নিজক জয় কৰা 
মোক আপোন কৰিব নালাগে সমাজক আদৰি লোৱা
যাৰ কোনো নাই তাক মৰম কৰা
যাৰ খাবলৈ নাই তাক খাবলৈ দিয়া
যাৰ ঘৰ নাই তাক আশ্ৰয় দিয়া
যি পংগু তাক হিদয়ত ঠাই দিয়া
যি ভাল তাকহে আদৰি লোৱা কিন্তু
বেয়াক কেতিয়াও ঘিনা নকৰিবা 
মই সদায় তুমাৰ কাষত লগত থাকিম
সদায় তুমি মই এক হৈ থাকিম।
শত্ৰু,অসফলতা,দুখ আৰু বিপদ আদি আহিলে 
এটা কথা মনত ৰাখি সংগ্ৰাম কৰি যাবা
যে মিঠা বস্তুত পৰুৱা পাবাই আৰু
সোন ৰূপ হীৰা মতিক সকলোৱে বিচাৰি ফুৰে।
তুমাক সকলোৱে সকলো দিব 
সকলো দিব পৰা গৰাকীও পাবা 
আনকি তুমাৰ বাবে নিজৰ প্ৰাণ দিয়া গৰাকীও পাবা
মোৰ দৰে নিস্তোৰ ভিক্ষো হয়তো বিচাৰি নোপোৱা
মই মাত্ৰ  বিশ্বাস ,মৰম,জীৱাই থকাৰ নিয়ম,সাহস 
আৰু এমুঠি ভাত আলু পিটিকাহে দিব পাৰিম
মোৰ পৰা একো আশা নকৰিবা
মই আৰু একো দিব নোৱাৰিম ।

অন্তৰৰ খবৰ

  অন্তৰৰ খবৰ  ~~~~~~~~~~~~~~~                                                                            শ্ৰীনয়ন জ্যোতি গোৱালা  হিদয়ৰ আধা ...