Showing posts with label ভাল দিন আহিব. Show all posts
Showing posts with label ভাল দিন আহিব. Show all posts

ভাল দিন আহিব

 ✍️✍️✍️শ্ৰীনয়ন জ্যোতি গোৱালা  

            ~~~~~~~~~~~~~~~~~~~~~~

ভাল দিন আহিব ভাল কথাবোৰ বাস্তৱিত হ'ব  

তেতিয়া মই কম

অই শুনিচ নে মই মই হয় চিনি পাইছ নে?

জীৱনে কি নিদিয়ে

কেৱল সঠিক সময়ত সঠিক সুযোগত হে প্ৰাপ্ত

হয়তো সেই ক্ষণ মোৰ এতিয়াও বহু দূৰ বাকী ।।

মই নহয় বিশ্বাসৰ যোগ্য বিশ্বাসঘাটকতা

অলপ ৰৈ যোৱা তোমাৰ মনৰ প্ৰত্যুত্তৰ 

তোমাৰ চৰনত পৰিব ।।

তুমি দুখত থাকিব পাৰা কিন্তু 

তোমাক দুখ দিয়াৰ মনোবল ইচ্ছা সাহস মোৰ নাই।।

মই ভাবৰ দৰে সুখ দিব নোৱাৰিব পাৰোঁ 

কিন্তু তুমি ভবাৰ দৰেই সুখ দিম সেয়া নিশ্চিত

 মাথোঁ উজুটি নাখাবা।।

ভাল দিনলৈ অপেক্ষা কৰি কৰ্ম সংগ্ৰাম অব্যাহত 

আজিৰ সমাজৰ প্ৰশ্নবোধক কালিলৈ প্ৰসংশিত 

আজিৰ সমাজৰ হাঁহি কালিলৈ হাত চাপৰি হ'ব ।।

ভাল দিন আহিব 

মই নামৰ শব্দটি আমি হৈ উৰিব ।

পাৰ্থক্য মাথো এটাই পক্ষিটিয়ে পাখি মেলি উৰিব 

আমি শব্দটিয়ে যোগ্যতাৰ পাখিৰে 

সফলতাৰ আকাশলৈ অবিৰত ভাৱে উৰিব ।।

মোৰ বাবে নালাগে ,,

নিজৰ বাবে অলপ ৰৈ চোৱা ভাল দিন আহিব 

সেই ক্ষণ আহিব যি ক্ষণত এই কবিতাৰ লেখকে

মৌনতাৰ সমাজত চিঞৰি উঠিব ।।।

ভাল দিন আহিব আহিবই

 ্এয়া মোৰ বিশ্বাস নহয় 

প্ৰকৃতিৰ নিয়ম এদিন ভাল দিন আহিব ।।।।

অন্তৰৰ খবৰ

  অন্তৰৰ খবৰ  ~~~~~~~~~~~~~~~                                                                            শ্ৰীনয়ন জ্যোতি গোৱালা  হিদয়ৰ আধা ...