Showing posts with label বুজিবা জানোঁ. Show all posts
Showing posts with label বুজিবা জানোঁ. Show all posts

মৃত্যুৰ জয়গান

 নয়ন জ্যোতি গোৱালা 

    ‌ _______________

                                     কোনে বুজি পাব 

মোৰ মনৰ ভিতৰত চলি থকা যুজৰ কাহিনীখন 
৭০ গতিত ধপ ধপাই থকা হিদয়খন 
এতিয়া ১৫০ গতিত ধপধপনি 
কোনে জানে মনৰ মাজৰ অৰণ্যখন 
মৰুভূমি হৈ হেৰাব 
সিৰাই সিৰাই বৈ থকা তেজবোৰো এদিন শুকাব ।
মনৰ সাগৰৰ লুণীয়া পানীখিনি 
চকুলু হৈ দিনে ৰাতিয়ে বৱ ।
একো নাই বিন্দাচ লাইফ 
দিনে ৰাতি দুচকুত চকুলো মনত অচিনাকী বিষ 
আৰু বিষাক্ত দুখ ।
লান্চ ডিনাৰ জলপানৰ ঠাইত চিগাৰেট গুটখা 
আৰু কি লাগে 
সন্ধিয়াতো আছেই জুবিনদাৰ মায়াবিনীৰ সুৰত ডুব যাবলৈ।
কোনে বুজি পাব 
যেতিয়া বুজা জনেই নুবুজা হৈ যাব ।
কিছুমান কাহিনী 
কাহিনী হৈ থকাই ভাল ।
কি ঠিক আজি হাহি আছোঁ 
কাইলৈ মই থাকো নে নাই 
ইমান চিন্দাচ লাইফ লৈ কোনে থাকিব বিচাৰে।
কোনে বুজি পাব 
মই যে খেল ধেমালিৰ অধ্যায় নহয় 
মোৰ সুৰ মিচা হ'ব পাৰে কিন্তু শব্দবোৰ মিচা নহয় 
সেই বাবে মই গুণগুনাও 
মৃত্যু এতিয়া সহজ
 
ইয়াতেই সামৰিলো মোৰ গুণ গান 
চাবা এদিন হ'ব মোৰ
 মৃত্যুৰ জয়গান।


মাতিছা যদি যাবই লাগিব


                মাতিছা যদি যাবই লাগিব                                                 ~~~~~~~ শ্ৰীনয়ন জ্যোতি গোৱালা
                                        _____________________
মাতিছা যদি যাবই লাগিব - ঘৰ যদিও বা দেখা নাই বিচাৰি বিচাৰি উলিয়াব লাগিব 

তোমাৰ ঘৰৰ বাটত যদি বা ঘাট আছে 
গাভৰুকেইজনীক কৈ থবা মোৰ প্ৰেমত নপৰিবলৈ 
নহ'লে ৰাইজৰ আগত জৰিমনা মাননি ধৰিবলৈ - মাছ মঙহেৰে খোৱাবলৈ কবিৰ জেপত কত থাকিব ৰঙা নোটৰ গুন্ধ

বাছৰ পৰা নামিয়ে তোমাৰ ঘৰলৈ অলপ খোজকাঢ়ি যাব লাগে
আগবাঢ়ি আহিবা চোন তুমি
-দোয়ো খোজত খোজ থৈ গুন গুনাই যাম 
তোমাৰ মোৰ প্ৰেমৰ কাহিনী।

তোমালোকৰ খেল পথাৰখনলৈ লৈ যাবা নে?
যত তোমাৰ শৈষৱ আজিও জিলিকি আছে
শুনিম মই মোৰ প্ৰেমীকাৰ তিতা কেহা মিঠাৰ কাহিনী
আৰু মই সুধিম বিৰতিৰ সময়ত কাৰ কথা ভাবিছিলা
নিজান দেশত তুমি 

মাতিছা যদি যাবই লাগিব-ঘৰ যদিও বা দেখা নাই ঘৰ
বিচাৰি উলিয়াব লাগিব
নহ'লে তোমাৰ খং অভিমানবোৰ কেনেকৈ গুচাম

মাক কৈ থবা জোৱাই আহিব বুলি
শহুৰ আগত ভয়ে ভয়ে কথা কম হয়তো বা নকম 
শাহুৰৰ লগত কথাই পাতি থাকিম চাগে
দাদায়ে বেয়া পাবও পাৰে চলিব
এদিন দাদাওতো প্ৰেমত পৰিব 

মাতিছা যদি যাবই লাগিব ।                             
এ হে ৰবা ৰবা কাৰেন্ত গ'ল
মমটো জ্বলাই লও  ।
 তুমি ৰবা নে তেতিয়ালৈ ।


বুজিবা জানোঁ

মোক জানিবলৈ মন নেমেলিবা
যদিহে বুজি নোপোৱা
যদি আহা কাষলৈ
আতৰি থাকিবা
বহু বন্ধু আপোন আহিল গুচি গল
মোৰ জীৱন জগত জুমি লৈ
মোৰ একো নাই দুবল
তাৰেই সুযোগত  মোৰ লগত খেলি থৈ
উপহাৰত লাজ দি থৈ যায়
এই যে মই হাহি আছোঁ
ইফালে সিফালে ঘূৰি ফূৰিছো
এয়া মোৰ এটি অভিনয়
বহুতে মোক বেয়া পাই
আৰু কয় মই মিচলিয়া
কিন্তু কি কৰিবা
অভিনয় কৰোতে কৰোতে
কৰবাত নহয় কৰোবাত ভূল হৈ যায়
মোৰো অন্তৰত মোৰো আপোনজন আছে
কিন্তু কি কৰিবা তেওঁ কষ্ট পাব বুলিহে
আতৰি থাকো
তাই ভালেই থাকক সুস্থ থাকক সুখী থাকক
সেইকনেই তো বিচাৰোঁ
এতিয়া অপেক্ষা মাথোঁ তুমালৈ
শুনিছোঁ সময়ে সঠিক নিণয় কৰে বুলে
চাওঁ চোন সময়ে কাক কলৈ নিয়ে
অপেক্ষা মাথোঁ অপেক্ষা তুমালৈ ।
      শ্ৰীনয়ন জ্যোতি গোৱালা✍️✍️✍️

অন্তৰৰ খবৰ

  অন্তৰৰ খবৰ  ~~~~~~~~~~~~~~~                                                                            শ্ৰীনয়ন জ্যোতি গোৱালা  হিদয়ৰ আধা ...