জীৱনৰ সত‍্য‍তা

এজাক মানুহৰ সতে বন্ধুত্ব গঢ়িছো
চিনাকি অচিনাকি অগণন লোকৰ মাজত
এপাহি পোহৰ বিচাৰি ফুৰিছো
কোনোবাই আনৰ বাবে কোনোবাই নিজৰ বাবে
হাহিছে আৰু কান্দিছে
বিশ্বাসৰ মাজতো বিশ্বাসঘাটকৰ কণিকা ভাহি উঠিছে
পেলনীয়া গেলা জাৱৰৰ মাজতো
হীৰাৰ মুকুতা জিলিকি উঠিছে
ৰদৰ পোহৰৰ মাজতো আন্ধাৰে আৱৰি ধৰিছে
তাৰ মাজতো চাকিৰে পোহৰাবলৈ চেষ্টা চলিছে
প্ৰতি বস্তুৰ মাজৰ সত‍্যতাক বিচাৰি ফুৰা
আনৰ বাবে তুমি পোহৰ হোৱা
আজিৰ দিনত অলপ সুখ শান্তিৰ বাবেই
হত্যা, চুৰ,পাপ মহা পাপ কৰিবলৈ সাজোঁ
কিন্তু তুমাক নালাগে এইবোৰ কৰিবলৈ
মাথোঁ এবাৰ
নিজৰ মনটোক ধুই লোৱা
কাষৰ মানুহ জনক অলপ সুখ বিলাই চোৱা
নৰক ও স্বগ হৈ পৰিব
এই বিশ্বজগতৰ মাজতো মই বিচাৰিছো
এপাহ বিশ্বাস ফুল সাহসৰ পাহি
মোৰ খোজৰ লগত খোজ দিয়া
মোৰ নামৰ মোৰ দেহৰ
আন এক প্ৰতিছবি ।
               নয়ন জ্যোতি গোৱালা✍️✍️✍️


No comments:

Post a Comment

আশা কৰিছোঁ আপোনালোকে মোৰ কবিতাবোৰ আকোৱালি লব ।

অন্তৰৰ খবৰ

  অন্তৰৰ খবৰ  ~~~~~~~~~~~~~~~                                                                            শ্ৰীনয়ন জ্যোতি গোৱালা  হিদয়ৰ আধা ...