নয়নৰ নয়না

                                    মহেশ হালদাৰ

                                   ~~~~~~~~~~~~

 তুমি বৰঞ্চ মোৰ নয়নৰ নয়না হৈ যোৱা

আৰু মই তোমাক দেখাৰ হেঁপাহ দূৰ কৰি লম

তুমি বৰঞ্চ মোৰ ভালপোৱা হৈ চোৱা

আৰু মই তোমাক গৰ্ভ কৰি হৃদয়ত ভৰাই থম।


তুমি বৰঞ্চ এটি সৰু ঘৰ হৈ যোৱা

তাতেই মই চিৰজীৱন থাকিম,

তুমি বৰঞ্চ মোৰ জীৱনৰ অংশ হোৱা

তোমাক লৈ জীৱন সুমধুৰ কৰিম।


তুমি সুখ  হৈ নাহিলেও দুঃখ হৈ হৃদয়ত থাকা

তাতেই মই ধন্যবাদ জ্ঞাপন কৰিম,

গভীৰ ৰাতিত টোপনি ভাঙিলে

তোমাৰ দুখ বোৰৰ সহায়তেই কান্দিম।

ভূল নুবুজিবা বন্ধুবৰ্গ

            ভূল নুবুজিবা বন্ধুবৰ্গ                                        

          ~~~~~~~~~~~~~~~~~~                                                                       শ্ৰীনয়ন জ্যোতি গোৱালা

                                     ~~~~~~~~~~~~~~~~~~~







সময়ৰ গতিৰ ৰূপ ইমান কঠিন হ'ব পাৰে 

তাহানিও ভবা নাছিলোঁ 

না কব পাৰিছো না বুজাব পাৰিছো 

সকলো দেখিও নেদেখা হৈ পৰিব লগা হৈছোঁ 

হয়তো মোৰো ভুল প্ৰথমতেই কথাবোৰ নকলো খুলি

সকলো ফালৰ পৰা কেঁকোৰা চেপা দিলে 

ধৈৰ্য হয়তো নাথাকে মানুহ

যদিও বা ভুল মোৰ সময়ত বুজি পাবা 

কিছুমান চকুৰে দেখা সত্য নহয় আৰু 

চকুৰে নেদেখা কিছুমান সত্য হ'ব পাৰে । 

ময়ো বিচৰা নাই তোমালোকৰ পৰা আঁতৰি আহিব

কিন্তু সময়ৰ গতিক কোনে সলাব পাৰে 

যি বাটেৰে আহিছোঁ সেই বাটেৰেই যাম আকৌ ঘুৰি 

আৰু কিছু দিন বাকী

বিশ্বাস ৰাখা যোৱা নাই আঁতৰি 

নাযাও তোমালোকক পাহৰি । 

কেৱল তোমালোক তোমালোকে ই হৈ থাকা 

নহ'বা সলনি ।🙏🙏🙏🙏



সেমেকা প্ৰেমৰ কাহিনী

                          শ্ৰীনয়ন জ্যোতি গোৱালা 

                        ~~~~~~~~~~~~~~~~

মোৰ আকাশৰ তৰাবোৰ তিৰবিৰাবলৈ পাহৰিছে 

সেউজ সপোনবোৰ কলা ৰঙে আবৰিছে 

ৰচি ৰখা সপোনবোৰ পাহৰিব ধৰিছো 

কাৰোবাৰ সাহস আৰু মৰমৰ অভাৱত 

মন মোৰ মৰুভূমি হৈ পৰিছে ।

কেতিয়াবা অশ্ৰ নিগৰিছে 

কেতিয়াবা বুকুৰ ধপ ধপ শব্দৰ কপনি উঠিছে 

কেতিয়াবা বহু দূৰলৈ গুচি যোৱাৰ কথাও মনলৈ আহিছে 

মুঠৰ ওপৰত তুমি শব্দটো নথকাৰ বাবে 

জীৱনটো সেমেকি পৰিছে 

জীৱনটো সেমেকি সেমেকি

এটি সেমেকা প্ৰেমৰ কাহিনী গঢ় লৈ উঠিছে ।


অন্তৰৰ খবৰ

  অন্তৰৰ খবৰ  ~~~~~~~~~~~~~~~                                                                            শ্ৰীনয়ন জ্যোতি গোৱালা  হিদয়ৰ আধা ...