✍️✍️✍️ শ্ৰীনয়ন জ্যোতি গোৱালা
লাহে লাহে গা ৰ চাল ওখুৰা মুখুৰা হৈ পৰিব
চকুৰ পতা নামি আহিব
গুটেই শৰীৰ কপি থাকিব থৰ থৰ
লাখুটি ডালো যাও নাযাও কৈ আগবাঢ়িব
গা ৰ কপনিত মূৰৰ বগা চুলিও সৰি পৰিব
হাৰ নমনা জীৱনেও ধক ধক শব্দৰে যুজি থাকিব
আৰু জীৱন যাত্ৰা ত গৈ থাকিব ।
এদিন হঠাৎত
মই শুই থাকিম মোৰ ওচৰত বহি কোনোবাই
চিঞৰি চিঞৰি দুচকু টুকি মাতিব কিন্তু মই নাথাকিম
মোৰ ঘৰখনত মানুহৰ সোত বব
গাওঁয়ে ভূয়ে মই গুচি যোৱাৰ খবৰ বিয়পি যাব
ইজনে সিজনৰ আগত
ককাজন অমুক ককাজন তমুক বুলি কৈ
শোকত ভাহি পৰিব
সকলো শেষ হৈ যাৱ
কোনোবাই বুজনি দিব
বিধাতাৰ লিখন কোনে মচিব পাৰে
যি হ'ল হ'ল বুলি কৈ
নিজক আনক শান্তনা দিব ।
13 দিনৰ পিছত সকলো শূণ্য হৈ যাব
শেষ শেষ হৈ ৰৱ
এয়াই যেন চক্ৰ
এয়াই যেন জীৱন যাত্ৰা নাটৰ শেষ চিত্ৰ।