ভূল নুবুজিবা বন্ধুবৰ্গ

            ভূল নুবুজিবা বন্ধুবৰ্গ                                        

          ~~~~~~~~~~~~~~~~~~                                                                       শ্ৰীনয়ন জ্যোতি গোৱালা

                                     ~~~~~~~~~~~~~~~~~~~







সময়ৰ গতিৰ ৰূপ ইমান কঠিন হ'ব পাৰে 

তাহানিও ভবা নাছিলোঁ 

না কব পাৰিছো না বুজাব পাৰিছো 

সকলো দেখিও নেদেখা হৈ পৰিব লগা হৈছোঁ 

হয়তো মোৰো ভুল প্ৰথমতেই কথাবোৰ নকলো খুলি

সকলো ফালৰ পৰা কেঁকোৰা চেপা দিলে 

ধৈৰ্য হয়তো নাথাকে মানুহ

যদিও বা ভুল মোৰ সময়ত বুজি পাবা 

কিছুমান চকুৰে দেখা সত্য নহয় আৰু 

চকুৰে নেদেখা কিছুমান সত্য হ'ব পাৰে । 

ময়ো বিচৰা নাই তোমালোকৰ পৰা আঁতৰি আহিব

কিন্তু সময়ৰ গতিক কোনে সলাব পাৰে 

যি বাটেৰে আহিছোঁ সেই বাটেৰেই যাম আকৌ ঘুৰি 

আৰু কিছু দিন বাকী

বিশ্বাস ৰাখা যোৱা নাই আঁতৰি 

নাযাও তোমালোকক পাহৰি । 

কেৱল তোমালোক তোমালোকে ই হৈ থাকা 

নহ'বা সলনি ।🙏🙏🙏🙏



সেমেকা প্ৰেমৰ কাহিনী

                          শ্ৰীনয়ন জ্যোতি গোৱালা 

                        ~~~~~~~~~~~~~~~~

মোৰ আকাশৰ তৰাবোৰ তিৰবিৰাবলৈ পাহৰিছে 

সেউজ সপোনবোৰ কলা ৰঙে আবৰিছে 

ৰচি ৰখা সপোনবোৰ পাহৰিব ধৰিছো 

কাৰোবাৰ সাহস আৰু মৰমৰ অভাৱত 

মন মোৰ মৰুভূমি হৈ পৰিছে ।

কেতিয়াবা অশ্ৰ নিগৰিছে 

কেতিয়াবা বুকুৰ ধপ ধপ শব্দৰ কপনি উঠিছে 

কেতিয়াবা বহু দূৰলৈ গুচি যোৱাৰ কথাও মনলৈ আহিছে 

মুঠৰ ওপৰত তুমি শব্দটো নথকাৰ বাবে 

জীৱনটো সেমেকি পৰিছে 

জীৱনটো সেমেকি সেমেকি

এটি সেমেকা প্ৰেমৰ কাহিনী গঢ় লৈ উঠিছে ।


মই এজন মিচলীয়া মানুহ

                           শ্ৰীনয়ন জ্যোতি গোৱালা
                          ~~~~~~~~~~~~~~~~~~
মই মিচা কোৱা আৰু বন্ধুত্বৰ অভিনয় কৰা 
এজন মিচলীয়া মানুহ 
আৰু নোৱাৰোঁ sorry ।
তুমি নজনাকৈ তোমাক ভালপোৱাৰ বাবে 
তোমাৰ প্ৰেমত পৰাৰ বাবে ক্ষমা বিচাৰিছোঁ ।

বন্ধুত্বৰ নাম দি ভালপাই থকাটো কোনো শুদ্ধ কাম নহয় 
মিচা মাত মাতি প্ৰেম কৰিব নোৱাৰোঁ ।
এয়া মোৰ কোনো সততা বা প্ৰেম পোৱাৰ কোনো চেষ্টা নহয় 
নিজক প্ৰমাণ কৰাৰো কোনো পথ নহয় 
আচলতে মনটোক ধৰি ৰাখিব নোৱাৰিলোঁ ।

তোমাৰ প্ৰেম লাভৰ বাবে মিচা কলো বন্ধুত্বৰ অভিনয়ো কৰিলোঁ 
কিন্তু তোমাক ভালপোৱা কোনো অভিনয় বা মিচা নহয়।
মোৰ একা প্ৰেম সফল নোহোৱাৰ বাবে তোমাক ভালপোৱা নাই 
আচলতে কেতিয়া তোমাৰ প্ৰেমত পৰিলোঁ ধৰিবই নোৱাৰিলোঁ ।

তোমাৰ নাজানো কিহৰ বিশ্বাসী তুমি ?
মই কোনো জাতি ধৰ্ম বৰ্ণ বিশ্বাস নকৰোঁ 
মই বিশ্বাস কৰো জন্মদাতা ঈশ্বৰক আৰু নেদেখা ভগবানক
মই বিশ্বাস কৰো ৰাধাকৃষ্ণ শিৱ পাৰ্বতিয়ে বোৱাই লোৱা 
সেই প্ৰেমৰ নদী আৰু জীৱন বাস্তৱতাৰ কাহিনী ।

মই নাজানো তুমি কি বুলি মোক গ্ৰহণ কৰিছা ?
তোমাৰ হিদয়ত মোক বন্ধুত্ব নে প্ৰেমীক ৰূপে আশ্ৰয় দিছা ?
মই তোমাৰ প্ৰেমিক হ'ব বিচাৰোঁ ।

কি হ'ল একোৱেই তু নকলা ! একো নোকোৱা নেকি ?
তুমি গ্ৰহণ নকৰিবা চাগে মোৰ এই প্ৰেম প্ৰস্তাৱৰ কবিতা !
দিবানে মোক তোমাৰ হিদয়ত প্ৰেমিক হৈ থাকিব 
হবা নে এই মিচলীয়া মানুহজনৰ জীৱন কাহিনীৰ অধ্যায়।
তোমাৰ মোৰ প্ৰেমৰ ভাষাৰে লিখিম হেজাৰ কিতাপ
আৰু
তুমি ভালপোৱা প্ৰিয় ৰসাল কবিতা ।

অন্তৰৰ খবৰ

  অন্তৰৰ খবৰ  ~~~~~~~~~~~~~~~                                                                            শ্ৰীনয়ন জ্যোতি গোৱালা  হিদয়ৰ আধা ...