মহেশ হালদাৰ
~~~~~~~~~~~~
তুমি বৰঞ্চ মোৰ নয়নৰ নয়না হৈ যোৱা
আৰু মই তোমাক দেখাৰ হেঁপাহ দূৰ কৰি লম
তুমি বৰঞ্চ মোৰ ভালপোৱা হৈ চোৱা
আৰু মই তোমাক গৰ্ভ কৰি হৃদয়ত ভৰাই থম।
তুমি বৰঞ্চ এটি সৰু ঘৰ হৈ যোৱা
তাতেই মই চিৰজীৱন থাকিম,
তুমি বৰঞ্চ মোৰ জীৱনৰ অংশ হোৱা
তোমাক লৈ জীৱন সুমধুৰ কৰিম।
তুমি সুখ হৈ নাহিলেও দুঃখ হৈ হৃদয়ত থাকা
তাতেই মই ধন্যবাদ জ্ঞাপন কৰিম,
গভীৰ ৰাতিত টোপনি ভাঙিলে
তোমাৰ দুখ বোৰৰ সহায়তেই কান্দিম।