
জগতৰ মাজৰ ৰহস্য জীৱনৰ সুখ দুখ প্ৰেম ভালপোৱা প্ৰকৃত জীৱ জন্তু হাহি ধেমালি সকলোবোৰ মই মোৰ কবিতাৰ সুৰেৰে কবলৈ চেষ্টা কৰিম আৰু চেষ্টা কৰিম আপোনক কবিতাৰ এক শান্তি সাহস জগতলৈ লৈ যাবলৈ । এই বিশাল কবিতাৰ জগতত এবাৰ জুমি চাওঁ আহক আৰু অনুভৱ কৰি জীৱন জগতক উপভোগ কৰিবলৈ শিকো । "মোৰ মৰমৰ অসমীয়া কবিতা" লৈ যাও। কবিতাৰ মাজত সকলো পোৱা যায় বিচাৰিলে । মই ইয়াত মোৰ কবিতা লিখিছোঁ আৰু লিখি থাকিম । মোৰ লেখনি বোৰ আকোৱালি লৱ বুলি আশা কৰিছোঁ ।
তুমাৰ চায়া মই তুমাৰ সতে
মনত আছে নে তোমাৰ মোৰ প্ৰথম চিনাকি ?

সমাপ্ত হ'ব এটি নাট চিত্ৰ
✍️✍️ শ্ৰীনয়ন জ্যোতি গোৱালা
মই আৰু ঘূৰি নাহো
নিশিৰ পৰা পৰভাত
পৰভাতৰ পৰা নিশি
এনেদৰে দিন সময়বোৰ আগবাঢ়ি যাব
মই নাথাকিম কিন্তু জগতখন যেনেদৰে চলি আছে
তেনেদৰেই চলি থাকিব ।
আজিৰ জগতে মনত ৰাখিবলৈ
নহয় মই সুচান্দ
নহয় এই মহান জগতৰ মহান মানৱ ।
মই বালি দমৰ বালিৰ কনিকা
জাৱৰত থকা সৰু পৰুৱা সমান।
মই যিদিনা গুচি যাম
মোৰ দুটি নয়ন চিৰদিনৰ বাবে তন্দ্ৰা যাব
বুকুৰ মাজৰ ধপ ধপ শব্দ স্তব্ধ হৈ ৰৱ,
যত থাকিম তাতেই ৰৈ যাম
মইতো নাথাকিম মোৰ দেহ পৰি ৰব ।
কোনোবাই আহি চোতালত মাজ মজিয়াত থব
মইতো গম নাপাম কোনোবা আত্মীয়ই
বগা চাদৰেৰে মোৰ দেহখনক ধাকি দিব ।
মা দেউতা আত্মীয়ই মোৰ দেহক সাৱতি
হিয়া ধকিয়াই কান্দিব
জাতিকুটুমে চকুলো বোৱাব ।
জীয়াই থাকিম স্মৃতিৰ কোণত
এৰি থৈ যোৱা চাপৰ মাজত ।
কাৰোবাৰ প্ৰতি থকা হেঁপাহ অসংখ্য মৰম
হেৰাই যাব
কোন শত্ৰু কোন মিত্ৰ কোন আত্মীয়
সকলো শেষ হৈ যাৱ ।
কোবাই বুজনি দিব
বিধাতাৰ লিখন কোনে মচিব পাৰে
যি হ'ল হ'ল বুলি কৈ
নিজক আনক শান্তনা দিব ।
শেষ শেষ হৈ ৰৱ।
এয়াই যেন চক্ৰ
এয়াই যেন জীৱন যাত্ৰা নাটৰ শেষ চিত্ৰ।

আমাৰ জাতিয়ে অসমীয়া
✍️✍️শ্ৰীনয়ন জ্যোতি গোৱালা
যত প্ৰেমৰ সাগৰ বৈ যায়
বিভিন্ন জাতি জনজাতিক একত্ৰিত
এনাজৰীৰে বান্ধি
বাৰেৱৰণীয়া ফুলৰ দৰে ফুলি
সৌন্দৰ্য্যৰ সুৱাস বিলাই ।
সেই জাতি যি জাতিৰ বিবৰণ প্ৰসংশা
দেশ বিদেশৰ কলা কবিতা সংগীতত
আজিও শুনিবলৈ পোৱা যায় ।
কেশৱ মহন্ত, নৱকান্ত বৰুৱা, নলিনীবালা দেৱী
হোমেন বৰগোহাঞি আৰু হীৰেন গোহাঁইদেৱ
আদিৰ লেখনিৰ শব্দ আখৰ
অনুভৱ চিন্তা সকলোতে জিলিকি থাকে।
যি জাতিৰ নামেই শক্তি
সেই জাতি দেখিছোঁ।
যি জাতিৰ শব্দই শক্তি
যি জাতিৰ জাতিয়ে শক্তি
সেই জাতি দেখিছোঁ।
যিয়ে বিপদ সংকট শত্রু আগত
নিজ আত্মা হাতত ধৰি মৃত্যুৰ কাষত থিয় হৈ
গৌৰৱেৰে মই অসমীয়া বুলি পৰিচয় দি
জয় আই অসম উচ্চাৰি
যুজ দি দি মৃত্যুক সাৱটি লোৱা
সেই জাতি দেখিছোঁ।
সেই জাতি দেখিছোঁ যি জাতি
অসম আই মাতৃৰ বাহিৰে
বিশ্বৰ আন কতো বিচাৰি পোৱা নাযায়
সেই জাতি যি জাতি বিশ্ববাসীৰ
সৰ্বশক্তিমান প্ৰেমৰ সাগৰ
মনিমুকুতা বিশ্বাস ভৰসাৰ অন্য এক নাম ।
হেজাৰ জাতি জনজাতিৰ লোক থাকিও
যত সকলোৰে ভাষা খাদ্য শব্দ শক্তি অসমীয়া
সেই জাতি দেখিছোঁ।
যি জাতি দেখিছোঁ
মই সেই জাতিৰ সন্তান বুলি জনাই নাছিলোঁ।
মই আজি গৌৰৱ কৰো
মোৰ পবিত্ৰ ভাষা পবিত্ৰ জাতি
মই ময়ে অসমীয়া
Labels:
অসমীয়া,
অসমীয়া জাতি,
জাতি

Subscribe to:
Posts (Atom)
অন্তৰৰ খবৰ
অন্তৰৰ খবৰ ~~~~~~~~~~~~~~~ শ্ৰীনয়ন জ্যোতি গোৱালা হিদয়ৰ আধা ...
-
✍️✍️✍️ শ্ৰীনয়ন জ্যোতি গোৱালা লাহে লাহে গা ৰ চাল ওখুৰা মুখুৰা হৈ পৰিব চকুৰ পতা নামি আহিব গুটেই শৰীৰ কপি থাকি...
-
শিলনি,পৱন আৰু পানী ৰূপ ৰূপালী অক্লান্ত শান্তিৰে বৈ থকা পানীৰ শিল-শিলনি পদুমৰ পাহিতকৈও মন মোহিত অসম ভূমি সেন্দুৰীয়া ফল - ফুল সেউজ আৰু ছ...
-
মনত আছে নে তোমাৰ মোৰ প্ৰথম চিনাকি ? চিনাকিৰ সেই পুৱাৰ বেলা । মনত আছে নে ককালত হাত দি ওপৰলৈ চাই হাহি থকা দিনৰ কথা ? মনত হয়তো নপৰিবই আমনি ক...