হঠাৎ ত সিদিনা মোৰ খং উঠিছে
কিহৰ কাৰণে কাৰ ওপৰত নাজানো
কিন্তু খং উঠিছে
মোবাইলটো কিৰিং কিৰিংকৈ বাজি উঠিছে
মা ভন্টি ভাইটি মোক চিঅৰিছে
মই কাকো মাত নিদি চাইকেলটো লৈ
ওচৰৰ পুখুৰী পাৰলৈ গৈ অকলে বহি আছোঁ
হুৰ হুৰকৈ বতাহ বলিছে
পুখুৰীৰ ৰাজহাহবোৰে মাত লগাইছে
বগলিয়ে এখোজ দুখোজকৈ লাহে লাহেকৈ
ঘুৰি ফুৰিছে
গছবোৰে হালি জালি নাচিছে
তাৰ মাজতেই গুন গুনকৈ কাহানিও নশুনা
অসমীয়া গানৰ শব্দই মন জোৰাই গৈছে
অলপ চকু ফুৰাই দেখিলোঁ এজন বৃদ্ধ মানুহ
হাতত এটা বাটি কান্ধত এটা বেগ
পিন্ধা কাপোৰ জোৰ বৰ লেতেৰা
তেওঁৰ গাত মাখিবোৰ ভিন ভিনাই উৰি ফুৰিছে
হাতত তেওঁৰ জুখৰ লাঠি (আম গছৰ ডাল)
মই থাকিব নোৱাৰি ওচৰত গৈ মাত লগালো
আপোনাৰ বৰ সুন্দৰ মাত
তেওঁ মোলৈ চাই কলে
এয়া মোৰ অন্তৰৰ শব্দ আপোনজনৰ লগত কথা পাতিছো
তেওঁ গহিন ভাবে কৈছিল খঙত নে দুখত তুমি বৰ ভাগ্যৱান
মোৰ খং দুখ দুযোটাই ভগবানে দিও লৈ গল
মই মনে মনে শুনি আছিলোঁ
তেওঁ পানী খাব খোজাত
ওচৰৰ থকা শনি মন্দিৰৰ পৰা পানী আৰু
দোকানৰ পৰা বিস্কুট লৈ দিছিলো
তেওঁ মিচিকিয়া হাঁহিৰে পানী খাই কৈছিল
বিস্কুটো তুমাৰ নহয় আনৰ বস্তু মোক নিদিবা
তুমাৰ আছে যদি দিয়া বুলি কৈ গুচি গল
ৰৈ চাই থাকিলো একো নোবোজিলো
মই বুজি পোৱালৈ বহু ডেৰি হৈ গল
বহু সময়ৰ পিছত আকৌ তেওঁক লগ পামলৈ মন গৈছিল
কিন্তু আজিলৈকে তেওঁ ক বিচাৰি নাপালোঁ
তেওঁৰ পৰা বহু উত্তৰ বিচৰাৰ মন আছিল
তেওঁ এজন বহু গুণি আছিল
কিছু শব্দতেই বহু কথাই শিকাই থৈ গল
আজিও সেই ঠাই মনে মনে বিচাৰি ফুলে ।
শ্ৰীনয়ন জ্যোতি গোৱালা ✍️✍️✍️
No comments:
Post a Comment
আশা কৰিছোঁ আপোনালোকে মোৰ কবিতাবোৰ আকোৱালি লব ।