শ্ৰীনয়ন জ্যোতি গোৱালা
~~~~~~~~~~~~~~~~
মোৰ আকাশৰ তৰাবোৰ তিৰবিৰাবলৈ পাহৰিছে
সেউজ সপোনবোৰ কলা ৰঙে আবৰিছে
ৰচি ৰখা সপোনবোৰ পাহৰিব ধৰিছো
কাৰোবাৰ সাহস আৰু মৰমৰ অভাৱত
মন মোৰ মৰুভূমি হৈ পৰিছে ।
কেতিয়াবা অশ্ৰ নিগৰিছে
কেতিয়াবা বুকুৰ ধপ ধপ শব্দৰ কপনি উঠিছে
কেতিয়াবা বহু দূৰলৈ গুচি যোৱাৰ কথাও মনলৈ আহিছে
মুঠৰ ওপৰত তুমি শব্দটো নথকাৰ বাবে
জীৱনটো সেমেকি পৰিছে
জীৱনটো সেমেকি সেমেকি
এটি সেমেকা প্ৰেমৰ কাহিনী গঢ় লৈ উঠিছে ।
ভাল লাগিল কবিতা বোৰ পঢ়ি তোমাৰ
ReplyDeletecopy কৰিলোঁ বেয়া নাপাবা।