তুমি জানা মই মধ্যবিত্ত
✍️✍️নয়ন জ্যোতি গোৱালা
মই মধ্যবিত্ত ঘৰৰ লৰা
আমি জানো জীৱন সংজ্ঞা ,জানো জীৱন নামৰ নাটৰ কথা
আমাৰ পকেটত নাথাকিব পাৰে ৰঙা ৰঙা নোটৰ টকা,নাথাকিব পাৰে বিলাসী বাহন কিন্তু আমি স্বভিমানেৰে জীৱই থাকিব জানো ।
কেতিয়াবা আহিলে দেখিবা টিনৰ মাজেদি সোমাই অহা ৰদৰ পোহৰ বৰষুণৰ টোপাল ,দেখিবা বেৰৰ মাজেৰে কুকুৰ মেকুৰীৰ আহ যা আৰু দেখিবা ব্ৰিটিছৰ দিনৰ সেই বগা টিভি।
তুমি ভবাৰ দৰে নহয় মোৰ ভৱন,সপোনত দেখাৰ দৰে নহয় ৰঙীন মোৰ জীৱন।
পাৰিবা জানো নৰা আৰু টিনৰ চালি ,মাটি বাহ বেৰেৰে সজা উপজা ঘৰ খনত থাকিব ধান চাউল নথকা দিনত লগুনে থাকিব
ভঙা সপোনবোৰ বুটলি জোৰা দি আকৌ নতুন সপোন গঢ়িব
না বিদ্যু যোগাযোগ না ফেন না গেচ
১০০ টকাৰে এমাহ চলা আৰু সেই টকাৰে ডাঙৰ ডাঙৰ সপোন দেখা মধ্যবিত্ত আমি
তথাপিও মনে প্ৰাণে হাহিছো স্বভিমানেৰে জীৱনটো সজাই পৰাই তুলিছো ।
তুমি পাৰিবা মোৰ লগত এনেদৰে থাকিব,পাৰিবা জানো এনেদৰেই নিজৰ জীৱনক সজাই পৰাই তুলিব ।
আছে তোমাৰ ধৈৰ্য তিলমান হলেও সমাজৰ বহুলোকে আমাক দেখি হাঁহে নোহোৱা নেদেখা নভবা কথাবোৰ চিঞৰি কৈ ফুৰে তুমি পাৰিবা ধৈৰ্য ধৰি থাকিব ।
জানো চাগে তুমি হ'বও পাৰা বিলাসীতা কিন্তু তোমাৰ ডাঙৰ ডাঙৰ সপোনবোৰ পূৰণত সহভাগি হম তোমাৰ জগতত সোমাই থাকিম তোমাৰ খোজত খোজ হৈ আগুৱাই যাম যদিহে নেৰাকৈ ধৰা মোৰ হাত খন ।
সত্য লুকাই ৰাখিব নোৱাৰো অসত্য কৈ থাকিব নোৱাৰোঁ
মোৰ প্ৰিয়তমা তোমাৰ আপোনজন
সুন্দৰ লিখনি নয়ন দা
ReplyDelete