বুজিবা জানোঁ

মোক জানিবলৈ মন নেমেলিবা
যদিহে বুজি নোপোৱা
যদি আহা কাষলৈ
আতৰি থাকিবা
বহু বন্ধু আপোন আহিল গুচি গল
মোৰ জীৱন জগত জুমি লৈ
মোৰ একো নাই দুবল
তাৰেই সুযোগত  মোৰ লগত খেলি থৈ
উপহাৰত লাজ দি থৈ যায়
এই যে মই হাহি আছোঁ
ইফালে সিফালে ঘূৰি ফূৰিছো
এয়া মোৰ এটি অভিনয়
বহুতে মোক বেয়া পাই
আৰু কয় মই মিচলিয়া
কিন্তু কি কৰিবা
অভিনয় কৰোতে কৰোতে
কৰবাত নহয় কৰোবাত ভূল হৈ যায়
মোৰো অন্তৰত মোৰো আপোনজন আছে
কিন্তু কি কৰিবা তেওঁ কষ্ট পাব বুলিহে
আতৰি থাকো
তাই ভালেই থাকক সুস্থ থাকক সুখী থাকক
সেইকনেই তো বিচাৰোঁ
এতিয়া অপেক্ষা মাথোঁ তুমালৈ
শুনিছোঁ সময়ে সঠিক নিণয় কৰে বুলে
চাওঁ চোন সময়ে কাক কলৈ নিয়ে
অপেক্ষা মাথোঁ অপেক্ষা তুমালৈ ।
      শ্ৰীনয়ন জ্যোতি গোৱালা✍️✍️✍️

তেওঁ বহু কথা শিকাই থৈ গল

হঠাৎ ত  সিদিনা মোৰ খং উঠিছে
কিহৰ কাৰণে কাৰ ওপৰত নাজানো
কিন্তু খং উঠিছে
মোবাইলটো কিৰিং কিৰিংকৈ বাজি উঠিছে
মা ভন্টি ভাইটি মোক চিঅৰিছে
মই কাকো মাত নিদি চাইকেলটো লৈ
ওচৰৰ পুখুৰী পাৰলৈ গৈ অকলে বহি আছোঁ
হুৰ হুৰকৈ বতাহ বলিছে
পুখুৰীৰ ৰাজহাহবোৰে মাত লগাইছে
বগলিয়ে এখোজ দুখোজকৈ লাহে লাহেকৈ
ঘুৰি ফুৰিছে
গছবোৰে হালি জালি নাচিছে
তাৰ মাজতেই গুন গুনকৈ কাহানিও নশুনা
অসমীয়া গানৰ শব্দই মন জোৰাই গৈছে
অলপ চকু ফুৰাই দেখিলোঁ এজন বৃদ্ধ মানুহ
হাতত এটা বাটি কান্ধত এটা বেগ 
পিন্ধা কাপোৰ জোৰ বৰ লেতেৰা
তেওঁৰ গাত মাখিবোৰ ভিন ভিনাই উৰি ফুৰিছে
হাতত তেওঁৰ জুখৰ লাঠি (আম গছৰ ডাল)
মই থাকিব নোৱাৰি ওচৰত গৈ মাত লগালো
আপোনাৰ বৰ সুন্দৰ মাত
তেওঁ মোলৈ চাই কলে 
এয়া মোৰ অন্তৰৰ শব্দ আপোনজনৰ লগত কথা পাতিছো
তেওঁ গহিন ভাবে  কৈছিল খঙত নে দুখত তুমি বৰ ভাগ‍্যৱান
মোৰ খং দুখ দুযোটাই ভগবানে দিও লৈ গল
মই মনে মনে শুনি আছিলোঁ
তেওঁ পানী খাব খোজাত 
ওচৰৰ থকা শনি মন্দিৰৰ পৰা পানী আৰু 
দোকানৰ পৰা বিস্কুট লৈ দিছিলো
তেওঁ মিচিকিয়া হাঁহিৰে পানী খাই কৈছিল
বিস্কুটো তুমাৰ নহয় আনৰ বস্তু মোক নিদিবা
তুমাৰ আছে যদি দিয়া বুলি কৈ গুচি গল 
ৰৈ চাই থাকিলো একো নোবোজিলো
মই বুজি পোৱালৈ বহু ডেৰি হৈ গল
বহু সময়ৰ পিছত আকৌ তেওঁক লগ পামলৈ মন গৈছিল
কিন্তু আজিলৈকে তেওঁ ক বিচাৰি নাপালোঁ
তেওঁৰ পৰা বহু উত্তৰ বিচৰাৰ মন আছিল
তেওঁ এজন বহু গুণি আছিল 
কিছু শব্দতেই বহু কথাই শিকাই থৈ গল
আজিও সেই ঠাই মনে মনে বিচাৰি ফুলে ।
      শ্ৰীনয়ন জ্যোতি গোৱালা ✍️✍️✍️



বেয়া নাপাবা অ

মই একেই আছোঁ নে দিনবোৰ একেই
আছে?
মই বুজি নাপাওঁ নে মোক বুজি নাপায়?
 বুজি পোৱাত বৰ কষ্ট হয় অ ।
যি মনলৈ আহে কিছু কৈ দিওঁ
কিছু লুকাই ৰাখোঁ তুমি দুখ পাব বুলি
বেয়া নাপাবা অ ক্ষমা কৰি দিবা,
মই নাযানো কেনেকৈ কাক কব লাগে?
কেনেকৈ দিব লাগে কেনেকৈ মৰম লব লাগে?
নাজানো অ সচাকে মাথোঁ
বিচাৰো তুমি ঠিক থকাটো ।
কেতিয়াবা ভাবি চাইছানে?
এতিয়া তুমি কাষতেই আছা ধেমালি কৰিছোঁ
এটি দুটি কথা পাতিছো
এদিন তুমি বহু দূৰত গুচি যাবা
কোনোবা থাকিব কাষত
অন্য এক জগতত ব্যস্ত হৈ পৰিবা ।
তুমাক পাহৰিব নোৱাৰিম কিন্তু
ময়ো হয়তো ব‍্যস্ত হৈ পৰিম চাগে ।
হঠাৎত যেতিয়া দিনবোৰ মনত পৰিব
 তুমাৰ ছবি চকুত জিলিকিব
বাৰে বাৰে তুমাৰ কথাই আমনি কৰিব
তেতিয়া মই বাৰু কি কৰিম?
কাক মনৰ কথাবোৰ কম?
কাৰ লগত ধেমালি কৰিম?
অ হয় সেই সময় বহু মানুহ আহিব কাষত
 কিন্তু তুমিতো নাথাকিবা?
সকলো থাকিব মোৰ কিন্তু
মনত সুখ শান্তি নাথাকিব
নাথাকিবা তুমি
ভাবোতে ভাবোতে মনটো মৰহি যাব
দুচকুৰে কেৱল চকুলো সৰিব
শুনাচোন ক্ষমা কৰি দিবা দেই
তুমি ভাবিছা চাগে আকৌ ক্ষমা কিয়? নহয় জানোঁ
 ইমান সময়ে তুমাক মোৰ কথা কৈ আমনি কৰাৰ বাবেই
হব দিয়া আৰু একো নকওঁ
 মই কৈছিলোঁ নহয় মনত যি আহে কৈ দিওঁ বুলি
 তাকেই কৈ দিলোঁ আৰু ।।।

                         কবি শ্ৰীনয়ন জ্যোতি গোৱালা

অন্তৰৰ খবৰ

  অন্তৰৰ খবৰ  ~~~~~~~~~~~~~~~                                                                            শ্ৰীনয়ন জ্যোতি গোৱালা  হিদয়ৰ আধা ...