শ্ৰীনয়ন জ্যোতি গোৱালা✍️✍️
অন্ধকাৰ যেতিয়া নামিব
আপোনজনেই থাকিব কাষত
বাকীবোৰ এন্ধাৰত বিলিন হৈ যাব ।
মোৰ জীৱনৰ অন্ধকাৰত
মা দেউতা থাকিব কাষত
থাকিব আপোনজন ,
তাৰ মাজতেই দিবা জানোঁ আগবঢ়াই
তুমাৰ হাত দুখন
থাকিবা জানো অন্ধকাৰত তুমি মোৰ লগত ।
আজি মোক কোনেও নাজানে নাপাই চিনি
এদিন হয়তো জগতখন থাকিব কাষত
থাকিব সকলোবোৰ
নাথাকিব আজিৰ এই সময় কিন্তু
তুমি থাকিবা মোৰ মৰমৰ মাজত
আজিৰ দৰেই থাকিম মই আইৰ বুকুৰ মাজত ।
এন্ধাৰত যদি হেৰাই যাওঁ মই
নাভাবিবা তেতিয়া তুমি আৰু নাহো উভতি
এদিন হলেও আহি ওলাম তুমাৰ কাষত
কাৰণ তুমি থাকা মোৰ মনৰ মাজত ।
তুমি বাৰু থাকিবা নে তেতিয়া লৈ ৰৈ মোলৈ
থাকিবা জানোঁ মই অহাৰ বাট চাই
নে যাবা আধা বাটতেই হেৰাই ।
সময়ৰ লগত সকলোৱে সলাব বাট
সকলোৱে সলাব মাত
মই থাকিম মোৰ কামত
থাকিম আপোনজনৰ মাজত ,
আজিৰ দৰেই থাকিম সেই তিনিআলিৰ কানত ।
তুমি অহাৰ বাট চাই ৰম মই চিৰদিন
তুমাৰ জানো মোলৈ পৰিব মনত
থাকিব জানো মোৰ কথা তুমাৰ মনত ।
অন্ধকাৰ যেতিয়া নামিব
চাই ৰম মই কোন মোহ মায়া
কোন হব মোৰ জীৱনৰ অংশ ।
অন্ধকাৰ যেতিয়া নামিব
আপোনজনেই থাকিব কাষত
বাকীবোৰ এন্ধাৰত বিলিন হৈ যাব ।
মোৰ জীৱনৰ অন্ধকাৰত
মা দেউতা থাকিব কাষত
থাকিব আপোনজন ,
তাৰ মাজতেই দিবা জানোঁ আগবঢ়াই
তুমাৰ হাত দুখন
থাকিবা জানো অন্ধকাৰত তুমি মোৰ লগত ।
আজি মোক কোনেও নাজানে নাপাই চিনি
এদিন হয়তো জগতখন থাকিব কাষত
থাকিব সকলোবোৰ
নাথাকিব আজিৰ এই সময় কিন্তু
তুমি থাকিবা মোৰ মৰমৰ মাজত
আজিৰ দৰেই থাকিম মই আইৰ বুকুৰ মাজত ।
এন্ধাৰত যদি হেৰাই যাওঁ মই
নাভাবিবা তেতিয়া তুমি আৰু নাহো উভতি
এদিন হলেও আহি ওলাম তুমাৰ কাষত
কাৰণ তুমি থাকা মোৰ মনৰ মাজত ।
তুমি বাৰু থাকিবা নে তেতিয়া লৈ ৰৈ মোলৈ
থাকিবা জানোঁ মই অহাৰ বাট চাই
নে যাবা আধা বাটতেই হেৰাই ।
সময়ৰ লগত সকলোৱে সলাব বাট
সকলোৱে সলাব মাত
মই থাকিম মোৰ কামত
থাকিম আপোনজনৰ মাজত ,
আজিৰ দৰেই থাকিম সেই তিনিআলিৰ কানত ।
তুমি অহাৰ বাট চাই ৰম মই চিৰদিন
তুমাৰ জানো মোলৈ পৰিব মনত
থাকিব জানো মোৰ কথা তুমাৰ মনত ।
অন্ধকাৰ যেতিয়া নামিব
চাই ৰম মই কোন মোহ মায়া
কোন হব মোৰ জীৱনৰ অংশ ।