তুমি জানা মই মধ্যবিত্ত

 তুমি জানা মই মধ্যবিত্ত

                     ✍️✍️নয়ন জ্যোতি গোৱালা

মই মধ্যবিত্ত ঘৰৰ লৰা 

আমি জানো জীৱন সংজ্ঞা ,জানো জীৱন নামৰ নাটৰ কথা

আমাৰ পকেটত নাথাকিব পাৰে ৰঙা ৰঙা নোটৰ টকা,নাথাকিব পাৰে বিলাসী বাহন       কিন্তু আমি স্বভিমানেৰে জীৱই থাকিব জানো ।

কেতিয়াবা আহিলে দেখিবা টিনৰ মাজেদি সোমাই অহা ৰদৰ পোহৰ বৰষুণৰ টোপাল ,দেখিবা বেৰৰ মাজেৰে কুকুৰ মেকুৰীৰ আহ যা আৰু দেখিবা ব্ৰিটিছৰ দিনৰ সেই বগা টিভি।

তুমি ভবাৰ দৰে নহয় মোৰ ভৱন,সপোনত দেখাৰ দৰে নহয় ৰঙীন মোৰ জীৱন।

পাৰিবা জানো নৰা আৰু টিনৰ চালি ,মাটি বাহ বেৰেৰে সজা উপজা ঘৰ খনত থাকিব    ধান চাউল নথকা দিনত লগুনে থাকিব 

ভঙা সপোনবোৰ বুটলি জোৰা দি আকৌ নতুন সপোন গঢ়িব

না বিদ্যু যোগাযোগ না ফেন না গেচ

১০০ টকাৰে এমাহ চলা আৰু সেই টকাৰে ডাঙৰ ডাঙৰ সপোন দেখা মধ্যবিত্ত আমি

তথাপিও মনে প্ৰাণে হাহিছো স্বভিমানেৰে জীৱনটো সজাই পৰাই তুলিছো ।

তুমি পাৰিবা মোৰ লগত এনেদৰে থাকিব,পাৰিবা জানো এনেদৰেই নিজৰ জীৱনক সজাই পৰাই তুলিব ।

আছে তোমাৰ ধৈৰ্য তিলমান হলেও                সমাজৰ বহুলোকে আমাক দেখি হাঁহে নোহোৱা নেদেখা নভবা কথাবোৰ চিঞৰি কৈ ফুৰে তুমি পাৰিবা ধৈৰ্য ধৰি থাকিব ।

জানো চাগে তুমি হ'বও পাৰা বিলাসীতা কিন্তু তোমাৰ ডাঙৰ ডাঙৰ সপোনবোৰ পূৰণত সহভাগি হম তোমাৰ জগতত সোমাই থাকিম তোমাৰ খোজত খোজ হৈ আগুৱাই যাম যদিহে নেৰাকৈ ধৰা মোৰ হাত খন ।

সত্য লুকাই ৰাখিব নোৱাৰো অসত্য কৈ থাকিব নোৱাৰোঁ 

মোৰ প্ৰিয়তমা তোমাৰ আপোনজন

নয়নৰ নয়না

                                    মহেশ হালদাৰ

                                   ~~~~~~~~~~~~

 তুমি বৰঞ্চ মোৰ নয়নৰ নয়না হৈ যোৱা

আৰু মই তোমাক দেখাৰ হেঁপাহ দূৰ কৰি লম

তুমি বৰঞ্চ মোৰ ভালপোৱা হৈ চোৱা

আৰু মই তোমাক গৰ্ভ কৰি হৃদয়ত ভৰাই থম।


তুমি বৰঞ্চ এটি সৰু ঘৰ হৈ যোৱা

তাতেই মই চিৰজীৱন থাকিম,

তুমি বৰঞ্চ মোৰ জীৱনৰ অংশ হোৱা

তোমাক লৈ জীৱন সুমধুৰ কৰিম।


তুমি সুখ  হৈ নাহিলেও দুঃখ হৈ হৃদয়ত থাকা

তাতেই মই ধন্যবাদ জ্ঞাপন কৰিম,

গভীৰ ৰাতিত টোপনি ভাঙিলে

তোমাৰ দুখ বোৰৰ সহায়তেই কান্দিম।

ভূল নুবুজিবা বন্ধুবৰ্গ

            ভূল নুবুজিবা বন্ধুবৰ্গ                                        

          ~~~~~~~~~~~~~~~~~~                                                                       শ্ৰীনয়ন জ্যোতি গোৱালা

                                     ~~~~~~~~~~~~~~~~~~~







সময়ৰ গতিৰ ৰূপ ইমান কঠিন হ'ব পাৰে 

তাহানিও ভবা নাছিলোঁ 

না কব পাৰিছো না বুজাব পাৰিছো 

সকলো দেখিও নেদেখা হৈ পৰিব লগা হৈছোঁ 

হয়তো মোৰো ভুল প্ৰথমতেই কথাবোৰ নকলো খুলি

সকলো ফালৰ পৰা কেঁকোৰা চেপা দিলে 

ধৈৰ্য হয়তো নাথাকে মানুহ

যদিও বা ভুল মোৰ সময়ত বুজি পাবা 

কিছুমান চকুৰে দেখা সত্য নহয় আৰু 

চকুৰে নেদেখা কিছুমান সত্য হ'ব পাৰে । 

ময়ো বিচৰা নাই তোমালোকৰ পৰা আঁতৰি আহিব

কিন্তু সময়ৰ গতিক কোনে সলাব পাৰে 

যি বাটেৰে আহিছোঁ সেই বাটেৰেই যাম আকৌ ঘুৰি 

আৰু কিছু দিন বাকী

বিশ্বাস ৰাখা যোৱা নাই আঁতৰি 

নাযাও তোমালোকক পাহৰি । 

কেৱল তোমালোক তোমালোকে ই হৈ থাকা 

নহ'বা সলনি ।🙏🙏🙏🙏



অন্তৰৰ খবৰ

  অন্তৰৰ খবৰ  ~~~~~~~~~~~~~~~                                                                            শ্ৰীনয়ন জ্যোতি গোৱালা  হিদয়ৰ আধা ...