বাঘজান বাসীৰ ধ্বংস লীলা

                              ✍️✍️✍️ শ্ৰীনয়ন জ্যোতি গোৱালা

কি কৰিবি অ কি কৰিবি ?
চকুৰ আগতেই সকলোবোৰ ছাই ধুৱা হৈ উৰিছে ৷
কাৰ কি ক্ষতি কৰিছিলো আমি যে
আমাক অন্ধকাৰলৈ ঠেলি দিলে ?
মৰমৰ ঠাই আৰু আপোন ঘৰখন আজি
নিস্তব্ধ মৰিশালি হৈ ৰল
সপোনৰ সপোনবোৰ আজি ছাইত পৰিণত হল ৷
তৈল ভাণ্ডাৰ বিস্ফোৰণ জুয়ে
সকলো শেষ কৰি গল ৷
 প্ৰাণ ত‍্যাগ কৰিয়ে থাকিব নেকি?
আৰু কিমানজনৰ হেৰাব প্ৰাণ
সৌ সিদিনাৰ সৌন্দৰ্য্যময় শান্তিপূৰ্ণ বাঘজানত
এতিয়া মাথোঁ চাৰিও দিশে
মৰণকাতৰ আতনাদ মৰমান্তিক দৃশ্য ।
যলৈকে চকু যায় ছাই আৰু কলা ধুৱা জুই
আৰু দৃশ্যমান শোকৰ কলা ছাহ
আৰু পক্ষীৰ জ্বলা হাড় ।
জন ধন জৈৱ বৈশিষ্ট্য এতিয়া মাথোঁ
সাৰ আৰু কলা সাৰ
সৰ্ব দিশে মাথোঁ হাহাকাৰ ।
হবনে আকৌ পৰিপূৰ্ণ
বাঘজান বাসীৰ পথাৰখন
তামোল-পাণ আম কঠালৰ বাৰীখন
আকৌ হব জানোঁ পৰিপূৰ্ণ মৰমৰ গাওঁখন ।
হব জানোঁ অভাৱৰ পৰিপূৰ ।
 বহু দিনৰো দিন চাগে
কাল ছাহে আৱৰি থাকিব !
সেই যে পৰিভ্ৰমী চৰাইবোৰ নাহিবই চাগে ?
 মানৱ ,পক্ষকুল , পৰিৱেশ
সকলো ধ্বংসৰ দিশে ।
উপযুক্ত ব‍্যৱস্থা নললে এনেবোৰ ঘটনা
বাৰে বাৰে ঘটি  থাকিব
উচিত ব‍্যৱস্থা নললে
ডিব্ৰুছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনো ইতিহাসৰ পাতত জিলিকিব
মনলৈ প্ৰশ্ন আহে
কেতিয়া সমাপ্ত হব ধ্বংসৰ লীলা ?
কি হব বাঘজান বাসী ভবিষ্যত ?

No comments:

Post a Comment

আশা কৰিছোঁ আপোনালোকে মোৰ কবিতাবোৰ আকোৱালি লব ।

অন্তৰৰ খবৰ

  অন্তৰৰ খবৰ  ~~~~~~~~~~~~~~~                                                                            শ্ৰীনয়ন জ্যোতি গোৱালা  হিদয়ৰ আধা ...