✍️✍️✍️শ্ৰীনয়ন জ্যোতি গোৱালা
হাঁহিৰে আৰম্ভ হৈছিল চাগে ?
হাঁহিৰে শেষ হওঁক এই জীৱন।
দুদিনীয়া আলহী হৈ আহিছোঁ
মিলি থাকোঁচোন সকলোকে লৈ ।
কিয় বা কৰিম অহংকাৰ ?
কিয় বা কৰিম অন্যায় ?
কিছু সময়ৰ কিছু দিনৰ বাবে মোৰ শৰীৰ
নাই মোৰ স্থায়ী ঠাই ।
আনৰ বাবেই জন্ম লৈছোঁ
আনে দিয়া শিক্ষা গ্ৰহণ কৰিছোঁ
আনে দিয়া বস্তু খাইছো আনেই সকলোবোৰ দিছে
তথাপিও কিয় নিজৰ বুলি চিঞৰি ফুৰিছো মই ?
হাঁহি হাঁহি কান্দিছো হাঁহি হাঁহিয়ে হাঁহিছো
কাৰোবাৰ আপোন কাৰোবাৰ সপোন
কাৰোবাৰ বন্ধু কাৰোবাৰ শত্ৰু মই
এটি শৰীৰ বিভিন্ন অংগ হৈ
সকলোকে আদৰি লৈ
হাঁহিছো জীৱনৰ ৰং লৈ লৈ ।
আজিৰ দৰেই আকাশখন হাহি থাকিব
পৱনৰ বলতেই গছ গছনি পাত লতা
হালি জালি থাকিব
এই ধৰা ধৰা হৈয়ে
সকলো আজি কালি হৈ থাকিব
মাথোঁ নাথাকিব মোৰ শৰীৰ নাথাকিম মই
আশীৰ্বাদ আৰু আদেশ দিয়ক মোক
হাঁহিৰে আৰম্ভ হৈছিল চাগে ?
হাঁহিৰেই শেষ হব বিচাৰিছোঁ মই।
No comments:
Post a Comment
আশা কৰিছোঁ আপোনালোকে মোৰ কবিতাবোৰ আকোৱালি লব ।